
তাৰিখ: ০৭/০২/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰত পুনৰ এবাৰ বনৰীয়া ম’হৰ সন্ত্ৰাস আৰম্ভ হৈছে। কলিয়াবৰৰ টাইগাৰ চক, বাল্টিক চেনছুৱা আৰু শান্তিপুৰৰ সূত্ৰ অনুসৰি, প্ৰায় ৯টা বনৰীয়া ম’হে সমস্যাৰ সৃষ্টি কৰিছে। ম’হকেইটাই গৰুৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। তেনে সময়তে বনকৰ্মীসকলে ঘটনাস্থলীত উপস্থিত হৈ ম’হকেইটাক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে স্থানীয় লোকৰ ভাষ্য অনুসৰি ম’হৰ জাকটোত মুঠ ১১টা ম’হ আছিল।
