
তাৰিখ: ২৭/০১/২০২৬
স্থান: খাৰুপেটীয়া (অসম)
খাৰুপেটীয়া কলেজ টাৰ্ণিঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হৈছে। মৃত যুৱকজন দৰং জিলাৰ ধলাৰ খত্নীয়াপাৰা গাঁৱৰ বাসিন্দা ৩০ বছৰীয়া দিলৱৰ হুছেইন ওৰফে বিকি বুলি চিনাক্ত কৰা হৈছে। এজন ডেলিভাৰী বয় হিচাপে কৰ্মৰত যুৱকজনে নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ এখন বাহনৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে। দুয়োখন বাহন একে দিশৰ পৰাই আহি আছিল আৰু মুখামুখি সংঘৰ্ষত লিপ্ত হয়। উল্লেখযোগ্য যে দিলৱৰ হুছেইনৰ এটা সন্তান আছে। দুৰ্ঘটনাৰ পাছত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও বাটতে তেওঁৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
