
তাৰিখ :১৭/০২/২০২৬
ঠিকনা: গোলাঘাট (অসম)
গোলাঘাটৰ বেঙেনখোৱা ৰে’ল গেটত এখন বাহনৰ সৈতে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত যুৱকজন শৈলক মালিক বুলি চিনাক্ত কৰা হৈছে। গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, সেইদিনা তিনিজন যুৱকক সেই পথেৰে যোৱা দেখা গৈছিল। জানিব পৰা মতে, যুৱকজনে নিশা ১১ বজাত ঘৰৰ মালিকৰ চাইকেলখন লৈ ওলাই গৈছিল। বহুত দেৰি হোৱা দেখি পৰিয়ালৰ লোকে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। উল্লেখযোগ্য যে, বৰ্তমান যুৱকজনৰ পৰীক্ষাও চলি আছিল। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।
