Saturday, February 21, 2026

জাগীৰোডত চলি থকা অৱস্থাত এখন ডাম্পাৰত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:১৭/০২/২০২৬
ঠিকনা: জাগীৰোড (অসম)
জাগীৰোডত চলি থকা অৱস্থাত এখন ডাম্পাৰত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাগ্ৰস্ত হোৱা ডাম্পাৰখনৰ নম্বৰ হ’ল AS 01RC4754। জানিব পৰা মতে এই ডাম্পাৰখনত চিমেণ্টৰ প্ৰচাৰ বেনাৰ লগোৱা আছিল। এই ঘটনাটো ডাম্পাৰখনে হৰিয়া ষ্টেচনৰ দিশৰ পৰা জাগীৰোড অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয়। সেই সময়ত ডাম্পাৰখনৰ চালক আৰু আন তিনিজন লোকে জুইৰ পৰা ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related articles