Saturday, February 21, 2026

দলগাঁও-গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত পুনৰ এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

Published:

তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: দলগাঁও(অসম)
দলগাঁও-গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত পুনৰ এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুত্বভাৱে আহত হয়। একে দিশৰ পৰা আহি থকা এখন বাইক আৰু স্কুটীৰ মাজত এই সংঘৰ্ষ হয়। জানিব পৰা মতে, বাইক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই অতি তীব্ৰবেগে আহি স্কুটীখনক পিছফালৰ পৰা খুন্দা মাৰে। বাইকখনৰ নম্বৰ AS05Z9905 যদিও স্কুটীখনৰ নম্বৰ জানিব পৰা হোৱা নাই। দলগাঁও-গোলাঘাট পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটো নতুনকৈ নিৰ্মাণ কৰাৰ পিছৰে পৰা ইয়াত কেইবাটাও দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে। সূত্ৰৰ মতে, এই ঘটনা সন্ধিয়া প্ৰায় ৬ বজাত ইন্দিৰা বিদ্যালয়ৰ সমীপত সংঘটিত হয়। দুৰ্ঘটনাটোত দুজন লোকৰ অৱস্থা অতি সংকটজনক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক হাস্পতালত ভৰ্তি কৰায়।

Related articles