
তাৰিখ: ২৭/০২/২০২৬
স্থান: দলগাঁও (অসম)
দলগাঁৱৰ লালপুৰ মধুপুৰ গাঁৱত এক ঘটনা পোহৰলৈ আহিছে। তাত গৰুৰ মাংস বিক্ৰী কৰাৰ এটা গোচৰ ধৰা পৰিছে। আৰক্ষীয়ে তেওঁলোকৰ দোকানখন ভাঙি জুই লগাই দিয়ে। দোকানখনৰ স্বত্বাধিকাৰী আছিল আমিৰপাৰাৰ শাহিদুল ইছলাম আৰু নদীৰ পাৰৰ বাসিন্দা আছাদ আলী। তেওঁলোকে দোকানখনত গৰুৰ মাংস বিক্ৰী কৰিছিল। আৰক্ষীৰ এটা দলে লালপুৰত অভিযান চলাই থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ ভাষ্য অনুসৰি, শাহিদুল ইছলামে আৰক্ষীক আক্ৰমণ কৰি তেওঁলোকৰ পোছাক ফালি পেলাইছিল। আৰক্ষীয়ে তেওঁলোকক বাৰে বাৰে সকীয়াই দিছিল যদিও তেওঁলোকে কথা শুনা নাছিল। অৱশেষত আৰক্ষীয়ে তেওঁলোকক জিম্মাত লয়।
