
তাৰিখ:১৬/১০/২০২৬
ঠিকনা: দালগাঁও(অসম)
দালগাঁৱৰ মালা ৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন দ্ৰুতবেগী বলেৰ’ বাহনে এটা চলন্ত ই-ৰিক্সাক খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত সাতজন লোক আহত হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰকে দালগাঁৱৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহতসকলক দালগাঁও চিকিৎসালয়ত ভৰ্তি কৰায়। স্থানীয় ৰাইজৰ মতে, বলেৰ’খনত দুজন লোক আছিল আৰু চালকজন সুৰাপান কৰি মাতাল হৈ আছিল। বিপৰীত দিশৰ পৰা অহা বলেৰ’খন ৰাস্তাৰ এচাষে গৈ ই-ৰিক্সাখনক খুন্দা মাৰে। সেই সময়তে স্থানীয় ৰাইজ একগোট হৈ তেওঁলোকক কৰায়ত্ত কৰে আৰু আহত সাতজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাত সহায় কৰে।
