Wednesday, December 24, 2025

দিল্লীৰ বতাহ আকৌ এবাৰ প্ৰানগতি হৈ পৰিছে।

Published:

তাৰিখ:১৫/১২/২০২৫
ঠিকনা: নতুন দিল্লী
দিল্লীৰ বতাহ আকৌ এবাৰ প্ৰানগতি হৈ পৰিছে। পশ্চিমীয়া অশান্তিৰ প্ৰভাৱ কম হোৱাৰ লগে লগে দিল্লীত বতাহৰ গতি বেছি হৈ পৰিছে। ইয়াৰ বাবেই দেওবাৰে ৰাজস্থানত ঠাণ্ডা, ধোৱা-ধূলি আৰু প্ৰদূষণৰ তিনিগুণ আক্ৰমণৰ ফলত পৰে। দেওবাৰে এই বৰ্ষত আটাইতকৈ ঘন কুঁৱলীও দেখা গৈছিল। গ্ৰেম-৪ (grap_4) কাৰ্যকৰী হোৱাৰ পিছতো ওজীৰপুৰ আৰু ৰোহিনী অঞ্চলত AQI(বায়ুৰ মানদণ্ড সূচক)৫০০ ৰ স্তৰলৈকে গৈছিল। প্ৰদূষণৰ কনাবোৰ বায়ুমণ্ডলৰ আবদ্ধ হৈ থাকে আৰু ৰাজধানীখন গেছ চেম্বাৰলৈ পৰিনত হয়।অক্ষৰধাম কে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমানতা ৫০ মিটাৰলৈ হ্ৰাস পাইছিল। কুঁৱলীৰ বাবে ৬০খন বিমান বাতিল কৰা হৈছিল। লগতে চিকিৎসকলে বৃদ্ধ আৰু উশাহ নিশাহৰ ৰোগীক সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে।

ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে অধিবক্তা আৰু পক্ষসমূহক ভিডিঅ’ কনফাৰেন্সিংৰ জৰিয়তে হাইব্ৰিড মোডৰ জৰিয়তে হাজিৰ হোৱাৰ পৰামৰ্শ দিয়ে। উচ্চতম ন্যায়ালয়ে ১৯ ডিচেম্বৰত দিল্লী এন,চি,আৰ ত (ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল) বায়ু প্ৰদূষণ সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰিব। কুঁৱলীৰ বাবে বানিজ্যিক বাহনৰ টেংকী , নিৰ্মাণ কাৰ্য বন্ধ, স্কুল হাইব্ৰিড মোড, ইন্ধন ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা ফলস্বৰূপে জেনেৰেটৰ, আম চি প্লান্ট,শিল ত্ৰেছাৰ, বিএছ ভাৰত টোন‌ (BS BHARAT TONE) আৰু খননৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা‌ হৈছে। কেঁচা পখত নিৰ্মাণ সামগ্ৰী পৰিবহণৰ ওপৰতো ব্যৱস্থাপনা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( IMB) কৈছে যে বৰ্তমান বতাহৰ গতি ১০ কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈ কম হোৱাটো প্ৰদূষকসমূহে বিয়পি পৰাৰ বাবে অনুকূল নহয়।

Related articles