Saturday, February 21, 2026

দৰং ৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

দিনাংক: ১৮/০১/২০২৬
ঠিকনা: দৰং (অসম)
দৰং ৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হৈছে। পথৰ এপাৰৰ পৰা আনপাৰলৈ যোৱাৰ সময়তে তীব্ৰবেগী এখন বাইকে মহিলাগৰাকীক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। মৃত মহিলাগৰাকী বৰদলগুৰিৰ বাসিন্দা, ৪৪ বছৰীয়া কচিৰা বেগম বুলি চিনাক্ত কৰা হৈছে। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো ঘটে।
দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহীজন ঘটনাৰ লগে লগে তাৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে মহিলাগৰাকীক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাইকখন জব্দ কৰিছে আৰু পলাতক ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।

Related articles