Sunday, February 22, 2026

নগাঁৱৰ পুৰণিগুদামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

Published:

তাৰিখ: -15/01/2026
ঠিকনা: নগাওঁ(অসম)

নগাঁৱৰ পুৰণিগুদামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ডাম্পাৰ আৰু এখন আই-টেন (i-Ten) গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত আই-টেন বাহনখনত থকা যুৱকসকল গুৰুতৰভাৱে আহত হয়। ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ হৈছে LL 01 8G5 931।স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োখন বাহনে বিপৰীত দিশৰ পৰা আহি আছিল। দুৰ্ঘটনাৰ সময়ত আই-টেন গাড়ীখনৰ ভিতৰত দুজন ব্যক্তি আছিল; ইয়াৰে এজনৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে আনজনৰ সামান্য আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাৰ বাবে গুৰুতৰভাৱে আহত ব্যক্তিজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
বাতৰি অনুসৰি, সংঘৰ্ষৰ পিছতে ডাম্পাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশেষত, নগাঁও আৰক্ষীয়ে ডাম্পাৰ চালকজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

Related articles