Saturday, February 21, 2026

বিশ্বনাথত দিন-দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ড।

Published:

তাৰিখ:১৯/০২/২০২৯
ঠিকনা: বিশ্বনাথ(অসম)

বিশ্বনাথ দিন-দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ড। বিশ্বনাথ চিকিৎসালয়ৰ সমীপৰ পৰাই চুৰি হ’ল এখন ই-ৰিক্সা। দুপৰীয়া প্ৰায় ৪ বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হয়।বিস্বনাথৰ মোনাবাৰী সাধুকুঠিৰ শচীন দাস নামৰ ব্যক্তিজনৰ ই-ৰিক্সাখন চুৰি হৈছে। শচীন দাসে তেওঁৰ পিতৃ মোহন ৰাখী দাসক চিকিৎসালয়ত দেখুৱাবলৈ আহিছিল। জানিব পৰা মতে, ই-ৰিক্সাখনেই আছিল শচীন দাসৰ উপাৰ্জনৰ একমাত্ৰ সম্বল, যাৰ জৰিয়তে তেওঁ নিজৰ পৰিয়াল পোহপাল দিছিল।এই সন্দৰ্ভত শচীন দাসে বিস্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। চুৰি হোৱা ই-ৰিক্সাখন ‘আৰম’ (Aram) কোম্পানীৰ আছিল আৰু ইয়াৰ নম্বৰ আছিল AS32ER6900। বৰ্তমান বিস্বনাথ আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

Related articles