
তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: সাধাৰু (বিশ্বনাথ, অসম)
বিশ্বনাথত সংঘটিত এক ভয়ংকৰ ঘটনা। এই ঘটনাত এজন ব্যক্তিয়ে নিজৰ ভাতৃকে হত্যা কৰে। এই ঘটনাটো বিশ্বনাথৰ সাধাৰু ফেক্টৰীৰ সমীপত সংঘটিত হৈছে। অভিযুক্ত দেৱেশ্বৰ তাঁতীয়ে সুৰেশ তাঁতী নামৰ ব্যক্তিজনক তেওঁ শুই থকা অৱস্থাতে এটা বাঁহৰ লাঠীৰে আঘাত কৰি হত্যা কৰে। সূত্ৰৰ খবৰ অনুসৰি, ৰেচন কাৰ্ডক লৈ দুয়ো ভাতৃৰ মাজত হোৱা বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হয়। এই ঘটনাটো নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছিল। পিছত বিশ্বনাথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দেৱেশ্বৰ তাঁতীক গ্ৰেপ্তাৰ কৰে।
