Thursday, January 15, 2026

বিশ্বনাথৰ বিজি ৰোড শমিপাথৰ সন্মুখত সংঘটিত হয় ,এক ভয়ংকৰ দুৰ্ঘটনা।

Published:

তাৰিখ: ০৩/০১/২০২৬
ঠিকনা :বিশ্বনাথ চাৰিআলি(অসম)

বিশ্বনাথৰ বিজি ৰোড শমিপাথৰ সন্মুখত সংঘটিত হয় ,এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত জড়িত মূল বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে। সেইখন বাহনখন বিশ্বনাথ চাৰিআলিৰ পৰা অহা পানীৰ টেংকাৰ, বাহন নম্বৰ AS 04 E 9832. আৰু তাত উপস্থিত থকা লোকসকলে কয় যে বাহন খনৰ ড্ৰাইভাৰ কেই লোকক খুন্দা মাৰি বাগৰি পৰে। এই দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে বিশ্বনাথৰ আৰক্ষীৰ দল আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। আৰু তাত থকা মানুহবোৰেও কয় যে এই বাহনখনৰ ড্ৰাইভাৰ গাড়ী চলোৱাৰ সময়ত অসৎ আচৰণ কৰাৰ বাবে কঠোৰ শাস্তি দিয়া উচিত।

Related articles