Saturday, February 21, 2026

বেলচৰ আৰক্ষীৰ সহযোগত বজালী আৰক্ষীয়ে পাঁচজন চোৰক গ্ৰেপ্তাৰ কৰে।

Published:

তাৰিখ: ০২/০১/২০২৬
ঠিকনা: বজালী (অসম)
বেলচৰ আৰক্ষীৰ সহযোগত বজালী আৰক্ষীয়ে পাঁচজন চোৰক গ্ৰেপ্তাৰ কৰে। ১৬ জানুৱাৰীত বজালীৰ নিত্যানন্দ পানবাৰীৰ তিনিটা পৰিয়ালক চোৰৰ দলে লুটপাত চলাইছিল। সূত্ৰ অনুসৰি, তেওঁলোকে ঘৰৰ পৰা নগদ ধন, সোণৰ অলংকাৰ আদি সামগ্ৰী চুৰি কৰিছিল। এই চুৰিকাণ্ডত জড়িত অভিযুক্তসকল হ’ল বালেশ্বৰৰ চৰিফুল আহমেদ, আনিফুল হুছেইন, ৰাজু আহমেদ, পংকজ ডেকা আৰু বজালীৰ পহিনাৰ আনিৰ হক। প্ৰায় তিনিটা ঘৰত তেওঁলোকে চুৰি কৰিছিল। ভোগেশ্বৰ মন্দিৰত অনুষ্ঠান চলি থকাৰ সুযোগ লৈয়েই তেওঁলোকে ঘৰবোৰত লুটপাত চলাইছিল। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।

Related articles