Sunday, February 22, 2026

বৰপেটা চহৰত দিন-দুপৰতে এক ডকাইতি কাণ্ড সংঘটিত হৈছে।

Published:

তাৰিখ:২০/০২/২০২৬
ঠিকনা: বৰপেটা (অসম)
বৰপেটা চহৰত দিন-দুপৰতে এক ডকাইতি কাণ্ড সংঘটিত হৈছে। পাঁচজনীয়া ডকাইতৰ দলে সোণ আৰু হীৰাৰ অলংকাৰ লুট কৰি লৈ যায়। দোকানখনৰ ভিতৰত গ্ৰাহকৰ মূৰত বন্দুক ৰাখি ভয় খুৱাই ডকাইতকেইজনে এই লুটপাত চলাইছিল। ডকাইতৰ দলটোৱে চিচিটিভি কেমেৰাও ভাঙি লণ্ড-ভণ্ড কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰপেটা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তীব্ৰ তদন্ত আৰম্ভ কৰিছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, ডকাইতকেইজনে গ্ৰাহকৰ মূৰত বন্দুক টোৱাই মোবাইল ফোন বিচাৰিছিল আৰু চিঞৰ-বাখৰ কৰিলে গুলীয়াই দিয়াৰ ভাবুকি দিছিল। পাঁচজনীয়া ডকাইতৰ দলটোৱে দোকানখনৰ সকলো সামগ্ৰী লৈ যায় আৰু তেওঁলোকে প্ৰায় আধা ঘণ্টা সময় দোকানখনৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে।

Related articles