
তাৰিখ:১১/০২/২০২৬
ঠিকনা:বৰহমপুৰ (অসম)
বৰহমপুৰত চিকিৎসাৰ অভাৱত এটা বনৰীয়া হাতীয়ে অন্তিম ক্ষণ গণিছে। অঞ্চলটোত বনৰীয়া হাতীটোৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। ওচৰ-পাজৰৰ অঞ্চলসমূহত হাতীৰ সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া এই চৰম অৱহেলাৰ ঘটনা অতি গুৰুত্বৰ বিষয়। বনৰীয়া হাতীটোৱে প্ৰায় এসপ্তাহ ধৰি সঠিকভাৱে খোজ কাঢ়িব পৰা নাই। লগতে স্থানীয় ৰাইজৰ মতে, হাতীটোৱে লৰচৰ কৰিব নোৱাৰা অৱস্থা প্ৰত্যক্ষ কৰাৰ লগে লগে তেওঁলোকে বনৰক্ষীক খবৰ দিছিল। স্থানীয় লোকে হাতীটোক কিছু খাদ্যও যোগান ধৰিছিল। অৱশ্যে হাতীটো কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল সেই সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো তথ্য নাই বুলি জানিব পৰা গৈছে।
