
তাৰিখ: ০৮/০১/২০২৬
ঠিকনা: ভাঙনামাৰী (অসম)
ভাঙনামাৰীত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। পত্নীৰ হত্যাৰ অভিযোগ পৰিয়ালৰ বিৰুদ্ধে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ৰকিবুল ইছলামৰ পত্নী আনোৱাৰা খাতুন নামৰ বিবাহিত মহিলাগৰাকীৰ নিজ গৃহতে মৃত্যু হয়। মহিলাগৰাকীৰ মৃত্যুৰ সন্দেহজনক খবৰ সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ৰাজ্যবাসী তথা তেওঁৰ পৰিয়ালে। বৰ্তমান ভাঙনামাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
