
তাৰিখ:১৯/০২/২০২৬
ঠিকনা: মঙলদৈ (অসম)
মঙলদৈত এক চাঞ্চল্যকৰ ঘটনা। একেটা পৰিয়ালৰে চাৰিজন সদস্যক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে। খাদ্যত বিষক্ৰিয়া নে আন কিবা সন্দেহজনক কাৰণ, তাক লৈ চৰ্চা চলিছে। চহৰখনৰ ২ নম্বৰ ৱাৰ্ডত এই ঘটনাটো সংঘটিত হয়। আহাৰত বিষ মিহলি থকাৰ সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। সূত্ৰৰ অনুসৰি, অসুস্থ হোৱা লোককেইজন হ’ল ক্ৰমে— হাবিদুল হক, চিৰাজুল হক, ইমৰাণ খান আৰু হাবিদা বেগম। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
