Saturday, February 21, 2026

মঙলদৈত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা।

Published:

তাৰিখ:১৮/০২/২০২৬
ঠিকনা: মঙলদৈ (অসম)
মঙলদৈত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা। উচ্চস্বৰত গান বজোৱাক কেন্দ্ৰ কৰিয়েই এই হত্যাকাণ্ড সংঘটিত হয়। তেওঁৰ ভাতৃ আৰু দুজন ভতিজাকে অতি জোৰেৰে গান বজাই আছিল আৰু সেই সময়তে পিতৃ মিটিয়া শৰ্মাই গানটো বন্ধ কৰি দিছিল। সেই কাৰণতে তেওঁৰ ভাতৃ আৰু দুজন ভতিজাকে তেওঁক বাঁহেৰে মৰিয়াই অতি নৃশংসভাৱে প্ৰহাৰ কৰাৰ লগতে অতি অভদ্ৰ আচৰণ কৰে।গান বজোৱাত বাধা দিয়াৰ বাবেই লক্ষ্যজ্যোতি শৰ্মা আৰু নিকীজ্যোতি শৰ্মা নামৰ যুৱক দুজনৰ লগতে আন এজনে মৰিয়াই মৰিয়াই তেওঁক হত্যা কৰে। মিটিয়া শৰ্মাই ল’ৰা-ছোৱালীৰ দশম/দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ বাবেহে গানটো বন্ধ কৰিছিল। আৰু এইটোৱেই তেওঁৰ বাবে কাল হৈ পৰিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related articles