
তাৰিখ:১৫/০২/২০২৫
ঠিকনা: মঙলদৈ (অসম)
মঙলদৈৰ ৫ নম্বৰ ৱাৰ্ডত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই ঘটনাত ঘৰবোৰ সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হৈ যায়। অগ্নিকাণ্ডৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীক লগে লগে খবৰ দিয়া হৈছিল যদিও তেওঁলোক উপস্থিত হ’বলৈ বহুত পলম কৰে। জানিব পৰা মতে, এই ঘটনা দিলীপ দে’ৰ ঘৰত সংঘটিত হৈছিল।
