Sunday, March 1, 2026

মহানগৰী বৰাগাঁওত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে; গুৱাহাটী আৰক্ষী আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাৱে এই অপৰাধীসকলক আটক কৰে।

Published:

দিনাংক: ২৬/০২/২০২৬
ঠিকনা: মহানগৰী বৰাগাঁও (অসম)
মহানগৰী বৰাগাঁওত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। গুৱাহাটী আৰক্ষী আৰু গড়চুক আৰক্ষীয়ে যুটীয়াভাৱে এই অপৰাধীসকলক আটক কৰে। বুজন পৰিমাণৰ গাঞ্জাৰ লগতে ড্ৰাগছ টেবলেটো জব্দ কৰা হৈছে। এই গাঞ্জা সৰবৰাহৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব। বাহনখনৰ নম্বৰ আছিল AS 01TC 4793।আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনক আটক কৰিছে, যাৰ নাম ৰিয়াজুল আলী বুলি জানিব পৰা গৈছে। চুবুৰীয়া জিলাৰ পৰা গাঞ্জা ক্ৰয় কৰি গুৱাহাটীলৈ লৈ যোৱা হৈছিল। আৰক্ষীৰ ভাষ্য অনুসৰি, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যখনক ড্ৰাগছমুক্ত কৰিব বিচাৰিছে। আৰক্ষীৰ অভিযানকালত এই ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰা হয়। টাটা মেজিক বাহনখন চুবুৰীয়া জিলাৰ পৰা আহি আছিল, য’ত বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী আছিল। আৰক্ষীয়ে এনেধৰণৰ আন অপৰাধীক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিব।

Related articles