
তাৰিখ: ২০/০২/২০২৬
ঠিকনা: মৰিগাঁও (অসম)
মৰিগাঁও আৰক্ষীয়ে শেহতীয়াকৈ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত এক বৃহৎ সফলতা লাভ কৰিছে। এই কাৰ্যত আৰক্ষীয়ে ডিং খুনৰীগাঁৱৰ বাসিন্দা ইমৰান হুছেইন নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনৰ জিম্মাৰ পৰা ১০ টা কণ্টেইনাৰ ভৰ্তি নিচাযুক্ত পদাৰ্থ (নার্কোটিক্স) উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।
