Saturday, February 21, 2026

সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত অবৈধ মৰণাস্ত্ৰসহ তিনিজনকৈ নগা লোকক আটক ।

Published:

তাৰিখ:১৯/০১/২০২৬
ঠিকনা:সৰুপথাৰ ( অসম)

সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত অবৈধ মৰণাস্ত্ৰসহ তিনিজনকৈ নগা লোকক আটক । চুঙাজানৰ বি চেক্টৰ ৰেংমাপানী নাকা পইন্টত চি আৰ পি এফৰ বিশেষ সুত্ৰৰ ভিত্তিত চলোৱা তালাচিত নগালেণ্ডৰ নিউলেণ্ডৰ পৰা চুঙাজান হৈ ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত NL-07-C-5444 নম্বৰৰ ক’লা ৰংৰ স্কৰপি’অ বাহনখনৰ পৰা SSBL ৰাইফল, তিনিটাকৈ এয়াৰ গান, ২টা টেলিস্কোপ, 2টা ব্যৱহৃত ৱায়াৰলেছ জব্দ কৰাৰ লগতে মেৰিন জমিৰ, লিচুমো পেট’ন আৰু জোলুতেমছু বিম’ছন নামৰ তিনিজনকৈ নগা লোকক আটক কৰিবলৈ সক্ষম হয়। আনহাতে পৰৱৰ্তি সময়ত চি আৰ পি এফ বাহিনীয়ে নিউলেণ্ড আৰক্ষীক মাৰণাস্ত্ৰসহ জব্দকৃত সামগ্ৰীৰ লগতে তিনিজনকৈ নগালোকক নিউলেণ্ড আৰক্ষীক চমজাই দিয়ে ।

Related articles