Sunday, March 1, 2026

হাজোৰ কোঁৱৰপুৰত উত্তেজনাপূৰ্ণ পৰিৱেশ; ভূমি কেন্দ্ৰীয় বিবাদক কেন্দ্ৰ কৰি হোৱা আক্ৰমণত এজন লোকৰ মৃত্যু হয়।

Published:

তাৰিখ:২৪/০২/২০২৬
ঠিকনা: হাজো (অসম)
হাজোৰ কোঁৱৰপুৰত উত্তেজনাপূৰ্ণ পৰিৱেশ। ভূমি কেন্দ্ৰীয় বিবাদক কেন্দ্ৰ কৰি হোৱা আক্ৰমণত এজন লোকৰ মৃত্যু হয়। বহু দিন ধৰি চিকিৎসালয়ত মৃত্যুৰে যুঁজি অৱশেষত আব্দুল হুছেইনে শেষ নিশ্বাস ত্যাগ কৰে। সীমা বিবাদক লৈ চুবুৰীয়াৰ সৈতে হোৱা ভয়ংকৰ কাজিয়াৰ ফলত এই ঘটনা সংঘটিত হয়। আব্দুল হুছেইনক তিনিজন লোকে মিলি আক্ৰমণ কৰিছিল। সেই কাজিয়াৰ বাবে আব্দুল হুছেইন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়তে হাজো আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈছিল। সূত্ৰ অনুসৰি, সেই অপৰাধী কেইজনৰ নাম আছিল মজুল আলী, শাহিদুল আলী আৰু জহিৰুল ইছলাম। এই ঘটনাটো কোঁৱৰপুৰত সংঘটিত হৈছিল। স্থানীয় লোকৰ মতে, তেওঁলোকে আব্দুল হুছেইনক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। হাস্পতাললৈ নিয়াৰ পিছত তেওঁৰ চিকিৎসা চলি আছিল যদিও তেওঁক বচাব পৰা নগ’ল। ৰাইজৰ মতে এই ঘটনাটো চৰম দুৰ্ভাগ্যজনক।

Related articles