Saturday, February 21, 2026

২৬ জানুৱাৰী, ২০২৬ তাৰিখে কলিয়াবৰৰ বাগৰীত এক বৃহৎ সফলতা লাভ কৰা হয়।

Published:

দিন:27/01/2026
ঠিকনা: কলিয়াবৰ(অসম)

২৬ জানুৱাৰী, ২০২৬ তাৰিখে কলিয়াবৰৰ বাগৰীত এক বৃহৎ সফলতা লাভ কৰা হয়। গণতন্ত্ৰ দিৱসৰ দিনাই এখন বলেৰ’ বাহনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। নিয়মীয়া বাৰ্তাৰ দৰে স্থানীয় সংবাদ উৎসৰ তথ্য অনুসৰি, নাগালেণ্ডৰ পৰা নগাঁ অভিমুখে আহি থকা AS02AV6947 নম্বৰৰ বাহনখনৰ পৰা এই নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়।প্ৰভুল লাল ব্ৰহ্ম নামৰ এজন ব্যক্তিৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰা হৈছে। প্ৰায় ১২:৩০ বজাত তালাচী চলাই থকা অৱস্থাত বাহনখন আৰক্ষীৰ জালত পৰে। বাহনখন পৰীক্ষা কৰিবলৈ এজন মেকানিক মাতি অনা হৈছিল আৰু তালাচীৰ অন্তত গাড়ীখনৰ ভিতৰত লুকুৱাই থোৱা ৩০ টা ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ হয়। জানিব পৰা মতে, জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় ৮৮০ গ্ৰাম।

Related articles