Sunday, February 22, 2026

ৰঙিয়াৰ মুৰাঞ্জানত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:১৭/০১/২০২৬
ঠিকনা: ৰঙিয়া(অসম)

ৰঙিয়াৰ মুৰাঞ্জানত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন স্কুটী আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। প্রাপ্ত খবৰ অনুসৰি, এখন ট্ৰাক, এখন স্কুটী আৰু এখন ছুইফট গাড়ীৰ মাজত এই সংঘৰ্ষ থিতাত হয়।জানিব পৰা মতে, স্কুটী আৰোহীজনৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল; আন বাহনক অভাৰটেক কৰিবলৈ যাওঁতে স্কুটীখন ট্ৰাকৰ তলত সোমাই পৰে। স্কুটী আৰোহীজনক বচাবলৈ যাওঁতে ট্ৰাকখনে পিছফালে চাব লগা হয় আৰু ছুইফট গাড়ীখনৰ সৈতে খুন্দা লাগে।দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৱে নলবাৰীত বিহুৰ অনুষ্ঠান উপভোগ কৰি গুৱাহাটী অভিমুখে গৈ আছিল। ৰঙিয়া আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত আহতসকলক হাস্পতালত ভৰ্তি কৰায়। আহতসকলৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। মৃত লোকজন স্কুটী আৰোহী বুলি চিনাক্ত কৰা হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 01DD6371।

Related articles