
তাৰিখ:১৮/০২/২০২৪
ঠিকনা: অভয়পুৰ (অসম)
অভয়পুৰত বজৰং দলৰ অভ্যন্তৰীণ কন্দলৰ ফলত এজন সদস্যক তেওঁৰ নিজৰ জিলাৰ সভাপতিয়ে প্ৰহাৰ কৰে। সদস্য প্ৰকাশ আৰ্য এই আক্ৰমণৰ বলি হোৱাৰ কাৰণ আছিল যে তেওঁ এটা অবৈধ গৰু ভৰ্তি বাহন ৰখাই আৰক্ষীক সজাগ কৰি দিছিল। প্ৰায় ৮ জনী গৰু থকা বাহনখন কুন্ধায়েবাৰী বজাৰলৈ লৈ যোৱা হৈছিল। বাহনখনৰ মালিকৰ নাম আছিল সুমন আলী। ৰাজবাড়ী পথত গৰু ভৰ্তি বাহনখন জব্দ কৰা হৈছিল।এজন যুৱকৰ মতে, “মই আৰু আন এজন যুৱকে মিলি এই গাড়ীখন ধৰিছিলোঁ, আগতেও এনে বহুবাৰ হৈছে। তাৰপাছত আমি আৰক্ষীক খবৰ দিলোঁ আৰু আৰক্ষীৰ পেট্ৰ’লিং গাড়ীয়ে বাহনখন থানালৈ লৈ গ’ল।” যি সময়ত যুৱকজনে এজাহাৰ (FIR) দিবলৈ গৈ আছিল, সেই সময়তে জিলা সভাপতি গোবিন্দ পাল উপস্থিত হৈ যুৱকজনক প্ৰহাৰ কৰে। যুৱকজনে আনকি গমেই নাপালে যে সভাপতিয়ে তেওঁক কিয় মাৰিলে। এতিয়া সেই যুৱকজনে তেওঁক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত এজাহাৰ দাখিল কৰিব। গোবিন্দ পাল আৰু অমৃত ব্ৰাহ্মণ—এই দুয়োজনে মিলি যুৱকজনক প্ৰহাৰ কৰিছে।
