Saturday, February 21, 2026

কলিয়াবৰত এটা মৃত হৰিণ উদ্ধাৰ কৰা হৈছে।

Published:

তাৰিখ:১৭/০২/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰত এটা মৃত হৰিণ উদ্ধাৰ কৰা হৈছে। কলিয়াবৰৰ নলতলীৰ কৃষ্ণ বৰা নামৰ এজন ব্যক্তিৰ ঘৰৰ পিছফালৰ ঘন জংঘলত হৰিণটো পোৱা গৈছিল। ব্যক্তিজনে বন বিভাগৰ ৰক্ষীক এই বিষয়ে খবৰ দিয়ে। কৃষ্ণ বৰাৰ ভাষ্য অনুসৰি, হৰিণটো কেনেকৈ মৃত্যু হ’ল সেই বিষয়ে তেওঁ নাজানে, কিন্তু হৰিণটো গৰ্ভৱতী আছিল। স্থানীয় লোকৰ মতে, সেই জংঘলখনত প্ৰায় তিনিটা হৰিণ আৰু আন বহুতো বন্যপ্ৰাণী আছে। অৱশেষত বন বিভাগৰ লোকে হৰিণটো লৈ যায়।

Related articles