
তাৰিখ:১৫/০২/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰৰ চুলুংত এক ভংয়কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।এখন পালচাৰ বাইক আৰু টাটা ডি আই বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত বাইক চালক জিউৰ ৰহমান (জিৱাহুল ৰহমান) নামৰ ব্যক্তিজনৰ থিতাতে মৃত্যু হয়। তেওঁৰ পত্নী মমতাজ বেগম গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে, তেওঁলোক তেজপুৰৰ দিশৰ পৰা মৰিগাঁও দিশলৈ গৈ আছিল। দুৰ্ঘটনাটোত জড়িত বাহন দুখনৰ নম্বৰ আছিল AS 21E 9792 আৰু AS 12CC 4474 । ঘটনাৰ খবৰ পাই চুলাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও জিউৰ ৰহমানক চিকিৎসালয়লৈ নি থকা অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। আনহাতে, তেওঁৰ পত্নী মমতাজ বেগমক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
