
তাৰিখ: ২৫/০১/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰৰ ৰেকপাহাৰত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পথৰ কাষৰ দাঁতিৰ হাবিত লগা জুইত এজন মৃত ব্যক্তিৰ দেহ পোৱা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে নগাঁও আৰু কলিয়াবৰৰ আৰক্ষীৰএটা দল উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।মৃতদেহটো মহিলা নে পুৰুষৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কোনো দুষ্কৃতিকাৰীয়ে ব্যক্তিজনক জ্বলাই দিয়া বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় লোকৰ মতে, তেওঁলোকে সেই পথেৰে পাৰ হৈ যাওঁতে কোনোবাই মুণ্ডহীন দেহ এটা জ্বলাই থোৱা প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, তেওঁলোকে সদায় সেই পথেৰে আহ-যাহ কৰে যদিও কেতিয়াও এনে ঘটনা দেখা নাছিল। অৱশেষত আৰক্ষীয়ে এই ঘটনাৰ বিৰুদ্ধে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে।
