
তাৰিখ: ২৮/০১/২০২৬
ঠিকনা: খাৰুপেটীয়া (অসম)
খাৰুপেটীয়াত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটো ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল। এখন বাইক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে। চাৰিচকীয়া বাহনখনৰ নম্বৰ আছিল AS 13F 3574 আৰু বাইকখনৰ নম্বৰ আছিল AS 13U 6263। দুৰ্ঘটনাৰ সময়ত বাইকখনত দুজন লোক আছিল আৰু দুয়োজনেই গুৰুতৰভাৱে আহত হয়। বিশেষ কথাটো হ’ল যে বাইক চালকজনৰ বয়স ১৮ বছৰতকৈ কম আছিল।ঘটনাৰ খবৰ পোৱাৰ লগে লগে খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। স্থানীয় ৰাইজৰ দাবী অনুসৰি, নতুন প্ৰজন্মৰ ১৮ বছৰৰ তলৰ কিশোৰসকলক বাহন চলোৱাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব লাগে।
