Saturday, February 21, 2026

গোলাঘাটৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুৰ গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Published:

তাৰিখ: ১৮/०২/২০২৬
তাৰিখ: গোলাঘাট (অসম)

গোলাঘাটৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুৰ গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, শোলক মালিক নামৰ ছাত্ৰজনক মাত্ৰ ৩০০০ টকাৰ বিনিময়ত বলি দিয়া হৈছে। ভনীয়েকৰ ভাষ্য মতে, তেওঁৰ ফোনলৈ এটা মেছেজ আহিছিল যে কোনোবাই শোলকৰ পৰা ৩০০০ টকা বিচাৰি আছিল। ভনীয়েকে সেই যুৱকজন কোন আছিল চিনি পোৱা নাছিল। এখন স্কুটী কিনিবলৈ শোলকক ৩০০০ টকাৰ প্ৰয়োজন হৈছিল আৰু তেওঁ টকাখিনি দিও দিছিল। কিন্তু কামটো নোহোৱাত যেতিয়া তেওঁ টকাখিনি ওভতাই বিচাৰিছিল, তেতিয়া তেওঁলোকে শোলকক নিজৰ ঘৰলৈ মাতি নি কি কৰিলে তাৰ কোনো ধাৰণা নাই। সেই সময়তে যেতিয়া তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিল, এগৰাকী মহিলাই দেখি সুধিছিল, “তোমালোক চাৰিজন সোমাইছিলা, এতিয়া তিনিজন কেনেকৈ ওলাইছা? আনজন ল’ৰা ক’ত?”—এই কথাষাৰ শুনাৰ লগে লগে তেওঁলোক পলাই যায়। পাছত আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

Related articles