
তাৰিখ:১১/০১/২০২৬
ঠিকনা: নগাওঁ (অসম)
চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ। বনবিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীক খেদি পঠিয়াবলৈ সক্ষম হয়। নিশা বৰঙাতলী হালোৱা গাঁৱত প্ৰৱেশ কৰি কেইবা খন লোকৰ ঘৰত প্ৰৱেশ। আনহাতে এজন বাইক আৰোহী বন্যহস্তীৰ সন্মুখত পৰি ৰক্ষা পোৱাৰ কথা ব্যক্ত কৰে এজন যুৱকে। তেওঁলোকৰ পৰা জানিব পৰা গৈছে যে ব্যক্তি এজনৰ ঘৰ ৪ মাহ আগতে ধ্বংস কৰাৰ পাছত কোনো মতে মেৰামতি কৰিছিল। কিন্তু আকৌ বন্যহস্তীৰ উপদ্ৰৱে স্থানীয় ব্যক্তিজনৰ ঘৰ ভংগী চুৰ মাৰ কৰে। বনবিভাগৰ লোকসকলে বন্যহস্তীৰ উপদ্ৰৱ ৰক্ষা কৰিবৰ বাবে স্থানীয় লোক সকলক বমা ৰ পৰা আদি কৰি খাদ্য বস্তু লৈকে যোগান ধৰে। বনবিভাগ আৰু স্থানীয় জনৰ পৰা জানিব পৰা গৈছে যে চামগুৰিৰ বৰঙাতলী হালোৱা গাঁৱত সমনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই।
