
তাৰিখ:২০/০২/২০২৬
ঠিকনা: জামুগুৰী (অসম)
জামুগুৰিত নিচাসক্ত চোৰৰ সন্ত্ৰাস: জনতাই ৪ কুখ্যাত অপৰাধীক আটক কৰিলে। চোৰৰ আশ্ৰয়দাতা তথা ড্ৰাগছ ব্যৱসায়ী মেৰজানিৰ ঘৰৰ পৰা জব্দ কৰা সামগ্ৰীৰ পৰিমাণ নিৰূপণ।মৰিগাঁও জিলাৰ মৈৰাবাৰীত (মৰুগুটি) চুৰি আৰু ড্ৰাগছৰ সন্ত্ৰাস ব্যাপক হাৰত বৃদ্ধি পাইছে। আজি পুৱা স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ধৰি আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে, বড়ামৰা ৰুইয়াৰ লগতে আশে-পাশে থকা অঞ্চলসমূহত দীৰ্ঘদিন ধৰি তামোল, ধান, মটৰ চাইকেল, ই-ৰিক্সা আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি হৈ আহিছিল।ৰাইজৰ সন্দেহ অনুসৰি, এই চুৰিকাণ্ডৰ সৈতে তিনিজন লোক জড়িত আছিল যিয়ে চুৰি সামগ্ৰীৰ বিনিময়ত ড্ৰাগছ ক্ৰয়-বিক্ৰয় কৰিছিল। সূত্ৰৰ খবৰ অনুসৰি, মুস্তাক আলী, জাহিদুল আৰু ৰমজান আলী নামৰ তিনিজন লোকে অঞ্চলটোত চুৰিকাণ্ড চলাই আছিল। অনুসন্ধানত পোহৰলৈ আহে যে তেওঁলোকে মেৰজানি নামৰ এজন ডাম্পাৰ মালিকক চুৰি কৰা সামগ্ৰীসমূহ কম দামত বিক্ৰী কৰি দিছিল। এই চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি মেৰজানিৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি আহিছিল।মেৰজানিৰ এটা ঘৰৰ গুডামৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযান চলাই গুডামটোৰ পৰা বিভিন্ন সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে চোৰকেইজনক জিম্মাত লৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ৰাইজে এই অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰু অঞ্চলটো ড্ৰাগছমুক্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে।
