
তাৰিখ: ২৫/০১/২০২৬
ঠিকনা: চতিয়া (অসম)
চতিয়া আৰক্ষীয়ে গেজেং নৰৱা থান ডাকক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চতিয়া আৰক্ষী থানাৰ তৰফৰ পৰা এই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক আগতেও ধৰা হৈছিল। আৰক্ষীয়ে তেওঁৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিছে। তালাচী চলাই থকাৰ সময়ত চতিয়া আৰক্ষীয়ে প্ৰায় ৬টা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ কৰে।চতিয়া আৰক্ষীৰ ভাষ্য অনুসৰি, নাকা চেকিংৰ সময়ত তেওঁলোকে এহাল পতি-পত্নীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল। সোধা-পোছাৰ সময়ত তেওঁলোকক চিনাক্ত কৰা হয়— তেওঁ আছিল অৰুণাচল প্ৰদেশৰ হেডকুৱাৰ্টাৰৰ ৩ নং আই.আৰ.বি.এন. (IRBN)ৰ হাবিলদাৰ। সেই পতি-পত্নী দুয়ো একেলগে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল। ইটখোলা দিশত তালাচী চলাই থকাৰ সময়ত ৬টা ড্ৰাগছৰ কণ্টেইনাৰসহ তেওঁলোকক আটক কৰা হৈছিল। ইয়াৰ পিছত তেওঁলোকক চতিয়া থানাত হাজিৰ কৰা হয়।
