
তাৰিখ: ০৭/০২/২০২৬
ঠিকনা: দলগাঁও (অসম)
দলগাঁৱৰ সমীপৱৰ্তী বাতাবাৰীত দলগাঁও আৰক্ষীয়ে নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে এক অভিযান চলায়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হোটেলত ভাতৰ লগত গো-মাংস বিক্ৰী কৰি থকা অৱস্থাত পোৱা গৈছে। জানিব পৰা মতে, দলগাঁৱৰ ৰিহান হোটেল আৰু আল্লাহ ভৰসা হোটেলত গো-মাংস পোৱা গৈছে। লগতে এই কথাটোও পোহৰলৈ আহিছে যে তেওঁলোকে গো-মাংস ৰান্ধি বিক্ৰী কৰে। ভৱিষ্যতে যাতে এনে কাৰ্য পুনৰ নহয়, তাৰ বাবে দলগাঁও আৰক্ষীয়ে তেওঁলোকক অন্তিম সকীয়নী প্ৰদান কৰে।
