
তাৰিখ:১৪/০২/২০২৬
ঠিকনা: গোলাঘাট (অসম)
দুপৰীয়াৰ ভাগত বন্য হস্তীয়ে বনাঞ্চলৰ পৰা ওলাই আহি গোলাঘাটৰ চিন্থলী গাঁৱত প্ৰৱেশ কৰাৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ হাতীৰ জাক দেখা পোৱা ঘটনাই মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ দিশটো প্ৰতিফলিত কৰিছে। এই পৰিস্থিতিয়ে স্থানীয় বাসিন্দাৰ মাজত আতংক আৰু ত্ৰাসৰ সৃষ্টি কৰিছে। সুৰক্ষিত হৈ থাকিবলৈ এনে সময়ত হাতীৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আৰু বন বিভাগক অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।দিনৰ ভাগতে হাতীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ সময়ত হুৰেণ শইকীয়া নামৰ এজন ব্যক্তিক হাতীয়ে আক্ৰমণ কৰে। সেই বন্য হস্তীৰ জাকটো বিভিন্ন গাঁৱত ঘূৰি ফুৰা দেখা গৈছে। হুৰেণ শইকীয়াক আক্ৰমণ কৰি হাতীয়ে তেওঁৰ হাত ভাঙি পেলায় আৰু শৰীৰৰ বিভিন্ন ঠাইত আঘাত দিয়ে। বন বিভাগৰ কৰ্মীসকল উপস্থিত হৈছিল যদিও হাতী খেদাত ব্যৰ্থ হয়। ৰাজ্যবাসীয়ে বন বিভাগৰ ওচৰত এই সমস্যাৰ সমাধান অতি সোনকালে উলিওৱাবলৈ অনুৰোধ জনাইছে।
