
তাৰিখ:০৩/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ ৰাহাত হাস্পতাল পুনৰ বিতৰ্কৰ মাজত। ৰাহাত হাস্পতালত ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হৈছে। অত্যধিক জ্বৰৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়। নগাঁও ৰাহাত হাস্পতালত ভুল চিকিৎসা আৰু চিকিৎসকৰ ভুল বেজীৰ বাবে মহিলাগৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰিছিল। মৃত মহিলাগৰাকীৰ নাম ৰুকিয়া খাতুন আছিল। হাস্পতালখনৰ একাংশ কৰ্মচাৰীয়ে পৰিয়ালৰ লোকক মাৰপিট কৰিবলৈও উদ্যত হয়।
