
তাৰিখ: ১৪/০১/২০২৬
ঠিকনা: কাপলাবাৰী (অসম)
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কাপলাবাৰীত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। স্থানীয় লোকৰ সহযোগত আহতসকলক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একাংশ যুৱকৰ মতে, কেইজনমান যুৱক এখন দোকানৰ সমুখত বহি আছিল। তাৰে মাজৰ সাৱধান নামৰ এজন যুৱকে আপেল কিনিবলৈ যাওঁতে গুৱাহাটীৰ দিশৰ পৰা অহা এখন দ্ৰুতবেগী স্কুটীয়ে (প্ৰায় ৮০ কিলোমিটাৰ গতিবেগ) তেওঁক খুন্দা মাৰে।
খুন্দাৰ ফলত সাৱধান নামৰ যুৱকজন ৰাস্তাৰ কাষত ছিটিকি পৰে আৰু স্কুটী আৰোহীজনো কিছু দূৰত গৈ বাগৰি পৰে। যুৱকসকলৰ মতে, সাৱধানৰ ভৰি ভাগি গৈছে আৰু স্কুটী আৰোহীজনো গুৰুতৰভাৱে আহত হৈছে। স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
