
তাৰিখ: २९/०१/२०२६
ঠিকনা: নাজিৰা (অসম)
নাজিৰাৰ নামতিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন মাৰুতি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত বগা ৰঙৰ বাহনখনৰ নম্বৰ আছিল AS01AP4741। চালক হিতেশ্বৰ শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।স্থানীয় লোকৰ মতে, আৰক্ষীয়ে এই বিষয়ত গুৰুত্ব দিয়া উচিত। তীব্ৰ গতিত অহা বাহনখনে গছজোপাত খুন্দা মাৰিছিল। জানিব পৰা মতে,বাহনখনত দুজন লোক আছিল। লগতে এইটোও পোহৰলৈ আহিছে যে সেই পথছোৱাত স্পীড ব্ৰেকাৰ নথকাৰ বাবে পূৰ্বেও বহুতো দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে স্থানীয় ৰাইজে চৰকাৰক সেই পথত অতি শীঘ্ৰে স্পীড ব্ৰেকাৰ স্থাপন কৰিবলৈ অনুৰোধ জনাইছে।
