
তাৰিখ:২৫/০২/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথত এক ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে। এই চুৰিকাণ্ডটো বিশ্বনাথৰ এখন কুৰিয়াৰ দোকানত সংঘটিত হয়। চুৰিকাণ্ডটো নিশাৰ ভাগত সংঘটিত হৈছিল। চোৰটোৱে দোকানৰ চাট্টিং ভাঙি ভিতৰত সোমাইছিল। সেই সময়তে বিশ্বনাথৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ মাজতে এইটোও জানিব পৰা গৈছে যে দোকানত থকা CCTV কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হৈছে। এতিয়ালৈকে কি কি সামগ্ৰী চুৰি হৈছে সেইটো জানিব পৰা হোৱা নাই। দোকানৰ মালিকে জনোৱা মতে, নিশা অফিচ বন্ধ কৰি যোৱাৰ পিছত পুৱা আহিহে তেওঁলোকে এই কথা গম পায়। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
