Saturday, February 21, 2026

বিশ্বনাথত দুটাকৈ ভংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ওচৰত হোৱা এক দুৰ্ঘটনাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Published:

তাৰিখ: ১০/০২/২০২৬
ঠিকনা: বিশ্বনাথ চাৰিআলি (অসম)
বিশ্বনাথত দুটাকৈ ভংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ওচৰত হোৱা এক দুৰ্ঘটনাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।আনহাতে, বিশ্বনাথৰ উত্তৰ অঞ্চলৰ বি.জি. ৰোডত আন এক দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, এজন উদণ্ড বাইক চালকে এজন বৃদ্ধক খুন্দা মৰাৰ ফলত লোকজন গুৰুত্বভাৱে আহত হয়। সূত্ৰৰ খবৰ অনুসৰি, আহত বৃদ্ধগৰাকীৰ নাম শত্ৰুঘ্ন সাহানী। প্ৰত্যক্ষদৰ্শীৰ মতে বাইক চালকজনে ধুমপান বা তেনে কোনো নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয়।হেলমেট পৰিধান নকৰাৰ বাবে বাইক চালকজনৰ লগতে বৃদ্ধগৰাকীৰো মূৰত গুৰুত্বৰ আঘাত লাগে। দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বিশ্বনাথ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ (Refer) কৰা হয়।

Related articles