
তাৰিখ:২৭/০২/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথত পুনৰবাৰ সংঘটিত হ’ল চুৰিকাণ্ড। কেইবাজনো চোৰে মিলি এজনী ছাগলী চুৰি কৰে। এই চুৰিকাণ্ডৰ সময়ত স্থানীয় ৰাইজে চুৰি হোৱা প্ৰত্যক্ষ কৰে। ৰাইজে একগোট হৈ চোৰটোক এটা গছত বান্ধি থয়। সেই সময়তে বিশ্বনাথৰ আৰক্ষী উপস্থিত হয় আৰু চোৰটোক সোধা-পোছা আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত চোৰটোৱে সকলো কথা স্বীকাৰ কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁৰ সৈতে থকা আন তিনিজনকো আটক কৰে।চোৰটোৰ নাম জুবেৰ বুলি জানিব পৰা গৈছে আৰু তেওঁ মৰিগাঁও জিলাৰ মৰিগাঁও থানাৰ অন্তৰ্গত উলুবাৰীৰ বাসিন্দা। চোৰটোৰ ভাষ্য অনুসৰি, তেওঁলোকে বিশ্বনাথৰ আদৰ্শ মহাবিদ্যালয়ত নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছিল। ৰাইজৰ মতে, ইয়াৰ পূৰ্বেও অঞ্চলটোত বহু ছাগলী চুৰি হৈছে, কিন্তু এইবাৰ তেওঁলোক ধৰা পৰে। অৱশেষত আৰক্ষীয়ে তেওঁলোকক বিশ্বনাথ থানালৈ লৈ যায়।
