
তাৰিখ: ২০/০১/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাটো পুৱা প্ৰায় ৩:০০ বজাত সংঘটিত হয় বুলি জানিব পৰা গৈছে। আনহাতে এই দুৰ্ঘটনাত প্ৰায় ৩০ জন যাত্ৰী আহত হয়। বিশ্বনাথৰ মুখৰগড়ত সংঘটিত হয় এই দুৰ্ঘটনাটো। মাজুলীৰ পৰা নলবাৰী অভিমুখী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ওলোটাই পৰে। বাছখনত থকা প্ৰায় ৩০ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। তাৰ লগতে ইফালে বিশ্বনাথ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে চালকজনক জিম্মাত লৈছে।
