Saturday, February 21, 2026

বিশ্বনাথৰ বুঢ়ীগাংত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:০২/০২/২০২৬
ঠিকনা: বুঢ়ীগাং (বিশ্বনাথ চাৰিআলি, অসম)
বিশ্বনাথৰ বুঢ়ীগাংত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এখন টাটা পাঞ্চ বাহনে এটা ই-ৰিক্সাক খুন্দা মাৰে। এই দুৰ্ঘটনাটোৰ ফলত ই-ৰিক্সাৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু লগতে তেওঁক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। সূত্ৰ অনুসৰি, টাটা পাঞ্চ বাহনখন লখিমপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে এই ঘটনাটো ঘটে। টাটা বাহনখনৰ নম্বৰ AS 01 GF 2600 আৰু ই-ৰিক্সাখনৰ নম্বৰ AS 32 AR 0478 আছিল।

Related articles