Saturday, February 21, 2026

বিশ্বনাথৰ মাজুলীগড় চাহ বাগানৰ মুণ্ডা লাইনত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:২৮/০১/২০২৬
ঠিকনা: মাজুলীগড় (বিশ্বনাথ চাৰিআলি, অসম)

বিশ্বনাথৰ মাজুলীগড় চাহ বাগানৰ মুণ্ডা লাইনত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। তিনিটাকৈ বেজী দিয়াৰ ফলত এটি শিশুৰ মৃত্যু ঘটে। জানিব পৰা মতে, এই ঘটনাটো মাজুলীগড় চিকিৎসালয়ত সংঘটিত হৈছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চৰম অৱহেলাৰ বাবেই এই শোকাৱহ ঘটনাটো ঘটিবলৈ পালে।মৃত শিশুটিৰ বয়স আছিল মাত্ৰ দুমাহ পাঁচ দিন। অভিযোগ উঠিছে যে মুনি তোছা নামৰ নাৰ্ছগৰাকীয়ে শিশুটিৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে প্ৰায় তিনিটাকৈ বেজী দিছিল। এই সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃয়ে কয়, “শিশুটিক বেজী দিয়াৰ আগতে ভালদৰে পৰীক্ষা কৰি ল’ব লাগিছিল।” শোকত ভাগি পৰা মাতৃগৰাকীয়ে চকুলো টুকি কয়, “মোৰ সন্তানৰ লগত যি হ’ল, সেয়া যেন ভৱিষ্যতে আন কাৰো লগত নহয়।”

Related articles