Monday, March 2, 2026

মেৰাপানীত বীৰ লাচিত সেনাৰ নামত ধন দাবী কৰাৰ অভিযোগত তিনিজন উদ্ধত নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

Published:

তাৰিখঃ২৪/০২/২০২৬
ঠিকনা: মেৰাপানী (অসম)
মেৰাপানীত বীৰ লাচিত সেনাৰ নামত ধন দাবী কৰাৰ অভিযোগত তিনিজন উদ্ধত নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। ব্যৱসায়ী পলাশ ফুকনক ব্লেকমেইল কৰি ৫০ হাজাৰ টকা দাবী কৰা হৈছিল, যাৰ পিছত AS03C9444 নম্বৰৰ অল্ট’ বাহনত ধন ল’বলৈ আহোঁতে তেওঁলোকক হাতে-লোটে ধৰা পেলোৱা হয়।
গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ নাম ৰাজা আহমেদ (সাধাৰণ সম্পাদক), বিতোপন শৰ্মা (উপ-সভাপতি) আৰু প্ৰতাপ শইকীয়া (মুখ্য সম্পাদক)। তেওঁলোকে এটা চাৰিচকীয়া বাহনত আহি স্থানীয় লোকৰ পৰা ধন লুট কৰি গৈছিল। গোলাঘাটৰ পৰা অহা এই দলটোৱে ৫০ হাজাৰ টকা দাবী কৰিছিল। তেওঁলোকৰ বাহনখনত ‘বীৰ লাচিত সেনা’ বুলি লিখা আছিল আৰু গ্লাছবোৰ ক’লা ৰঙৰ আছিল। স্থানীয় ৰাইজে এনে বাহনত ক’লা গ্লাছ লগোৱাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক জিম্মাত লৈছে।

Related articles