
তাৰিখ:০৫/০২/২০২৬
ঠিকনা: মৈৰাবাৰী(অসম)
মৈৰাবাৰী চিকিৎসালয়ৰ সন্মুখত বহুকেইখন দৰৱৰ দোকান বন্ধ হৈ পৰে। ঔষধ পৰিদৰ্শকৰ আকস্মিক অভিযানৰ সময়ত অনুজ্ঞাপত্ৰ (license) নথকা ফাৰ্মাচীসমূহ বন্ধ কৰি দিয়া হয়। জিলা ঔষধ পৰিদৰ্শক ঈশ্বৰ হাজৰিকাই মৰিগাঁও জিলাৰ মৈৰাবাৰীত উপস্থিত হৈ এই অভিযান চলায়। ইয়াৰ মাজতে ফাৰ্মাচীৰ স্বত্বাধিকাৰীসকলে দোকান এৰি পলায়ন কৰে। আনহাতে ওচৰ-পাজৰৰ সকলো ফাৰ্মাচীতে তালাচী চলোৱা হয়। এই তালাচীৰ সময়ত বহু ফাৰ্মাচী বৈধ অনুজ্ঞাপত্ৰ অবিহনেই চলি থকাৰ তথ্য পোহৰলৈ আহে আৰু তেনে দোকানসমূহ তলা লগাই দিয়া হয়। ঔষধ পৰিদৰ্শক ঈশ্বৰ হাজৰিকাই জনায় যে যিসকলৰ দোকান বন্ধ কৰা হৈছে, তেওঁলোকৰ যদি বৈধ নথি-পত্ৰ আছে তেন্তে বিভাগক অৱগত কৰি দোকানসমূহ খুলিব পাৰিব। লগতে তেওঁ ৰাজ্যবাসীক অনুৰোধ জনায় যে অনুজ্ঞাপত্ৰ পৰীক্ষা নকৰাকৈ কোনো ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয় নকৰিব।
