
তাৰিখ:২১/০২/২০২৬
ঠিকনা: মোনাবাৰী(অসম)
মোনাবাৰীৰ বিহপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুত্বভাৱে আহত এজন যুৱকক লগে লগে হাস্পতালত ভৰ্তি কৰা হয়।
বিহালীৰ মোনাবাৰী বিহপুখুৰীস্থিত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, গহপুৰৰ দিশৰ পৰা বিশ্বনাথৰ দিশলৈ তীব্ৰ বেগেৰে আহি থকা এখন অচিনাক্ত বাহনে অনিল নায়ক (বয়স প্ৰায় ২৮ বছৰ) নামৰ এজন যুৱকক খুন্দা মাৰি থৈ যায়। খুন্দা মৰাৰ পিছতে বাহনখন ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।স্থানীয় লোকৰ তৎপৰতাত আহত যুৱকজনক লগে লগে বিশ্বনাথৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনাৰ খবৰ পোৱাৰ কিছু সময় পিছতে জিনজিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।স্থানীয় লোকৰ ভাষ্য অনুসৰি, যুৱকজন নিজৰ সঠিক দিশতেই আছিল যদিও বাহনখন অত্যন্ত দ্ৰুতগতিত আহি তেওঁক মহতিয়াই লৈ যায়। অনিল নায়কৰ ঘৰ মাজুলীগড়ত যদিও যোৱা পাঁচ বছৰ ধৰি তেওঁ মোনাবাৰীত বসবাস কৰি আছিল আৰু চাহ বাগানৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল।অঞ্চলটোত বাৰে বাৰে সংঘটিত হৈ থকা এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ এই পথছোৱাত অতি সোনকালে ষ্ট্ৰীট লাইট (Street Light) স্থাপন কৰিবলৈ ৰাইজে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে।
