
তাৰিখ: ০১/০২/২০২৬
ঠিকনা: শ্ৰীৰামপুৰ (অসম)
শ্ৰীৰামপুৰত আৰক্ষীৰ এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। এখন ট্ৰাকৰ গোপন কক্ষৰ পৰা ৩৫ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়। এই কাৰ্যত চাৰিজন লোক জড়িত আছিল। নিশাৰ ভাগত গোঁসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টুৰাম বৰা, জ্যোতি দাস আদি আৰক্ষী জোৱানসকলে এইসমূহ জব্দ কৰে। ট্ৰাকখনৰ নম্বৰ আছিল NL01AK3529। ট্ৰাকখন তালাচী চলোৱাৰ সময়ত বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত গাঞ্জা উদ্ধাৰ হয়। জানিব পৰা মতে, ছিলচৰৰ পৰা হাৰিয়ানা অভিমুখী যাত্ৰাৰ সময়তে এইসমূহ ধৰা পৰে।গ্ৰেপ্তাৰ হোৱা চাৰিজন লোকৰ ভিতৰত বিহাৰৰ মুজাফ্ফৰপুৰৰ সোণেলাল কুমাৰ, সোনু কুমাৰ, সন্দীপ কুমাৰ আৰু ৰাজস্থানৰ নিবাসী মডোঁ দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে আৰক্ষীৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰিছে। ট্ৰাকখনৰ পৰা প্ৰায় ৩৫ পেকেট গাঞ্জা উদ্ধাৰ কৰা হৈছে, যাৰ ওজন প্ৰায় ৪ কুইন্টল ৩২ কেজি আৰু বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
